Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Thursday, August 7, 2014

তাই কেনি গ’ল?


(১)
তাই সাৰ পালে
নিজকে দাপোণত চালে
অলপ ৰং ঘঁহি তাই ৰঙিলী হ’ল
বৰষুণত মুকুতা বুটলিবলৈ গৈ
তাই আকৌ মটীয়া হ’ল

(২)
আকাশে গৰজিবলৈ ধৰিলে
ভয় খাই তাই বাউলী হ’ল
ছাঁতে লুকাব পৰাকৈ
তাই এটুপি চকুলো হ’ল
বেলি ওলালত গৰখীয়াটোৰ চকুতে বহি
দূৰ পাহাৰলৈ তাই গুচি হ’ল

(৩)
বনে বনে বগাই
তাইৰ হাবিয়াসবোৰ অৱশ হ’ল
নিজকে শাঁত পেলাবলৈ তাই
এটি পাহাৰীয়া জুৰি হ’ল
যাওঁ নাযাওঁ খোজেৰে
সাগৰৰ বুকুত তাই এদিন হেৰাই গ’ল

An Assamese Poem by Santanu Changmai

Friday, May 24, 2013

........


আজিও যে লৈ ফুৰোঁ জেপতে
ত‍ই দিয়া একমাত্ৰ প্ৰেমৰ চিঠিখন …
উঁৱলি যোৱা চিঠিখনত লাগি আছে
তোৰ উঁৱলি যোৱা কলিজাটোতকৈ 
অধিক উমাল শবদৰ মৰম
ছয়ফুট গভীৰ কবৰত 
পুতি আহিলি নেকি 
তোৰ বুকুৰ মৰমবোৰ
ইমান আৰ্তনাদ কৰে মোৰ আত্মাই
তথাপি দেখোন তোৰ কাণসাৰেই নাই

বহাগেও উচুপে


শেষ হৈ যাব বিচাৰোঁ
আঁতৰি যাব খোজোঁ দূৰ বহুদূৰ
তাৰ আগতে কথা পাতিব খোজোঁ 
কাৰোবাৰ সতে
এটা পূৰা দিন
পুৱাৰ পৰা গধূলিলৈ 
উমানন্দ, বশিষ্ঠ সোণাপুৰ 
পেপছি পিজ্জা ম’ম’ ঘৰ
যিমানকণ বাকী আছেগৈ উশাহ
তাৰে তোক ৰুই দি যাম 
এজুপি জীয়া গছ
শীত আহিলে গছজুপি নাঙঠ হ’ব
উচুপিব ওৰে ৰাতি
ত‍ই সাৱটি ধৰিবিচোন
মোৰে কথা এবাৰ ভাবি ... 

ভালপোৱা

এইয়াই চাগে ভালপোৱা

কেতিয়াবা দূৰৈত চিকমিকাই থকা এক তৰাৰ জোনাক চুই চোৱাৰ হাবিয়াস
কেতিয়াবা ওচৰতে তিৰবিৰাই থকা ঢিমিক ঢামাক এক জোনাকী পৰুৱাৰ উল্লাস
এইয়াই চাগে ভালপোৱা
নতুনকৈ গজালি মেলিবলৈ লোৱা এক কুমলীয়া অচিন, অজানা পুলক
মৰীচিকা মৰীচিকা যেন লগা কিছু সময়ৰ লেহেমীয়া যাত্ৰা
এইয়াই চাগে ভালপোৱা
টগবগাই ঢপলিয়াই যোৱা যুজাঁৰু ঘোঁৰাৰ দুৰ্বাৰ গতি
হঠাতে লাজৰ ফুলৰ পাপৰি ছিটিকি পৰি চকুৰ মণিত যে বিৰিঙে লাজৰ আভা

____________
২২/০৪/২০১৩

Thursday, May 23, 2013

শ্বায়েৰী


তাইৰ কোমল হাতৰ পৰা পিচলি কিমান যে ভাগিল বস্তু...
কি কৰিম?
মোৰ থুনুকা হৃদয়খনো তাই এদিন হাততে তুলি লৈছিল!