Thursday, August 7, 2014

Assamese Poem by Santanu Changmai

টুকুৰা কবিতা
________
১)ৰাস্তা
পথ এৰি পেলাই
পথ বিচাৰিলেই
পথ পোৱা যায়
সেই পথৰ পথিক
অচিনাকি
আপোন

২)অস্তাচল
আবেলিৰ বেলি
মাৰ যায়
এখিলা শুকান পাত
সৰি পৰে
কবিৰ কফিৰ কাপত
ডুব যায়

৩)পানী-দোঙা
শিলৰ দলঙ
তলত পানী
ৰুপোৱালী মাছ
ভাগৰত বুটলিছে
এমুঠি জিৰণি
সাৰ নোপোৱালৈকে


Sunday, November 24, 2013

Assamese Poetry

শৈশৱৰে পৰা সপোনৰে সতে মোৰ লুকা ভাকু|
এটি সপোনে জিৰণি লৈছে মোৰ বুকুত মোৰ কলিজাটো সজোৰে খামুচি ধৰি|
সময় হ’লে ফুল ফুলিব, সুগন্ধি বিয়পিব- বুকুখন এখন জীপাল বাগিচা হ’ব!

Santanu Changmai

আবৃত্তি: Assamese Poem

জানো তুমি কবিতা নিলিখা...
যি দিনা লিখিবা
সেইদিনা মোৰ কথা ভাবিবা
শব্দৰ ফাঁকে ফাঁকে লুকাই
ম‍ই তাক ছন্দৰ পোচাক পিন্ধাম

Tuesday, July 16, 2013

Assamese Poem

ৰাতিৰ সাধু: একাংশ


......
তাৰ পিছত টোপনিত
ঢলি পৰিলা তুমি
খিড়িকীৰে সোমাই অহা
জোনৰ পোহৰখিনি
লাহে লাহে বগাই গ’ল
তোমাৰ চেহেৰা পাৰ হৈ 
এসাগৰ কৌতূহলৰ ফালে

July 2013, Guwahati

নিয়ম নমনা নৈ Assamese Poem