আজিও যে লৈ ফুৰোঁ জেপতে
তই দিয়া একমাত্ৰ প্ৰেমৰ চিঠিখন …
উঁৱলি যোৱা চিঠিখনত লাগি আছে
তোৰ উঁৱলি যোৱা কলিজাটোতকৈ
অধিক উমাল শবদৰ মৰম
ছয়ফুট গভীৰ কবৰত
পুতি আহিলি নেকি
তোৰ বুকুৰ মৰমবোৰ
ইমান আৰ্তনাদ কৰে মোৰ আত্মাই
তথাপি দেখোন তোৰ কাণসাৰেই নাই
Selected Assamese Poems and stories by Santanu Changmai. শান্তনু চাংমাইয়ে ৰচনা কৰা কেইটিমান নিৰ্বাচিত কবিতা-সংগ্ৰহ! Plus, other trending stories, news.