Showing posts with label Assamese Poetry. Show all posts
Showing posts with label Assamese Poetry. Show all posts

Thursday, August 7, 2014

দুই মিনিটৰ সাধু এটা



এটি এটিকৈ সুৰ বগাই বগাই তাই ৰামধেনুখন আঁকি দিলে কোঁৱৰৰ বুকুত|

ৰামধেনুৰ ৰঙেৰে ৰঙিয়াল, তাইৰ সুৰেৰে ৰাগিয়াল হৈ কোঁৱৰে ক’লে: "আ-হা! আঁহা না আমি পলাই যাওঁ সেই পাহাৰৰ সিপাৰে নেদেখা কোনো দেশলৈ| ৰাজমুকুট পৰিহাৰ কৰি জীয়াই থাকিম এক সাধাৰণ মানুহৰ দৰে| তোমাৰ সুৰ, মোৰ কলিজাৰ ৰং... আমি আঁকিম এখন নেদেখা চিত্ৰ|"

মনোমোহা গীত গাই গাই তাই ৰাজকোঁৱৰক শুৱাই দিলে| একেথৰে চাই ৰ’ল কিছু পৰ| কঁকালৰ খোঁচনিৰ পৰা শাণিত অস্ত্ৰ এপাত উলিয়াই বহুৱাই দিলে তেওঁৰ বুকুত|

কোঁৱৰৰ কলিজা ফালি ৰং উলিয়াই তাই গুচি গ’ল সুৰৰ পাহাৰ বগাই...|


-------------------------
assamese poetry, Assamese poem, Best Indian Jokes

তাই কেনি গ’ল?


(১)
তাই সাৰ পালে
নিজকে দাপোণত চালে
অলপ ৰং ঘঁহি তাই ৰঙিলী হ’ল
বৰষুণত মুকুতা বুটলিবলৈ গৈ
তাই আকৌ মটীয়া হ’ল

(২)
আকাশে গৰজিবলৈ ধৰিলে
ভয় খাই তাই বাউলী হ’ল
ছাঁতে লুকাব পৰাকৈ
তাই এটুপি চকুলো হ’ল
বেলি ওলালত গৰখীয়াটোৰ চকুতে বহি
দূৰ পাহাৰলৈ তাই গুচি হ’ল

(৩)
বনে বনে বগাই
তাইৰ হাবিয়াসবোৰ অৱশ হ’ল
নিজকে শাঁত পেলাবলৈ তাই
এটি পাহাৰীয়া জুৰি হ’ল
যাওঁ নাযাওঁ খোজেৰে
সাগৰৰ বুকুত তাই এদিন হেৰাই গ’ল

An Assamese Poem by Santanu Changmai

Tuesday, July 16, 2013

Assamese Poem

ৰাতিৰ সাধু: একাংশ


......
তাৰ পিছত টোপনিত
ঢলি পৰিলা তুমি
খিড়িকীৰে সোমাই অহা
জোনৰ পোহৰখিনি
লাহে লাহে বগাই গ’ল
তোমাৰ চেহেৰা পাৰ হৈ 
এসাগৰ কৌতূহলৰ ফালে

July 2013, Guwahati

Assamese Poetry

-উপহাৰ- 

মোৰ চকুৰ দৃষ্টিৰে
এবাৰ চাই চা জীৱনৰ ৰং

দুখবোৰ আঠা লগা দি লাগি আছে
প্ৰতিজন পথচাৰীৰ চকুৰ গুৰিত
হুমুনিয়াহ লুকাই আছে
যেনেকৈ লুকায় আঁউসীত জোন
প্ৰতিটো বাঁহীৰ মায়াসনা সুৰৰ আঁৰত

দুখবোৰ পাওনা কৰি
কিস্তি কিস্তিকৈ
কিনিবি এদিন তইও
হালিজালি বাৰিষাৰ নিৰিবিলি ৰামধেনু
ভালপোৱাৰ ফাগুন, নৈপৰীয়া সন্ধিয়া

Assamese Poem

শ্বায়েৰী এটা বিচাৰি...



সঁচা মিছাৰ মাজতে

এটি ককটেইল আবেলি

চাহৰ কাপত কফি

আৰু দিলখুছ শ্বায়েৰী।



সপোনৰ মৰা-শ

লিৰিকি বিদাৰি

পচাবোৰ আঁতৰাই

কেঁচাবোৰ পখালি

অচিনাকি গলি এটালৈ

সোমাই যায় মাজনিশা

ভালপোৱাৰ টেকনিক নজনা

দুখন ভালপোৱাৰ পৃথিৱী।

Friday, May 24, 2013

........


আজিও যে লৈ ফুৰোঁ জেপতে
ত‍ই দিয়া একমাত্ৰ প্ৰেমৰ চিঠিখন …
উঁৱলি যোৱা চিঠিখনত লাগি আছে
তোৰ উঁৱলি যোৱা কলিজাটোতকৈ 
অধিক উমাল শবদৰ মৰম
ছয়ফুট গভীৰ কবৰত 
পুতি আহিলি নেকি 
তোৰ বুকুৰ মৰমবোৰ
ইমান আৰ্তনাদ কৰে মোৰ আত্মাই
তথাপি দেখোন তোৰ কাণসাৰেই নাই

বহাগেও উচুপে


শেষ হৈ যাব বিচাৰোঁ
আঁতৰি যাব খোজোঁ দূৰ বহুদূৰ
তাৰ আগতে কথা পাতিব খোজোঁ 
কাৰোবাৰ সতে
এটা পূৰা দিন
পুৱাৰ পৰা গধূলিলৈ 
উমানন্দ, বশিষ্ঠ সোণাপুৰ 
পেপছি পিজ্জা ম’ম’ ঘৰ
যিমানকণ বাকী আছেগৈ উশাহ
তাৰে তোক ৰুই দি যাম 
এজুপি জীয়া গছ
শীত আহিলে গছজুপি নাঙঠ হ’ব
উচুপিব ওৰে ৰাতি
ত‍ই সাৱটি ধৰিবিচোন
মোৰে কথা এবাৰ ভাবি ... 

ভালপোৱা

এইয়াই চাগে ভালপোৱা

কেতিয়াবা দূৰৈত চিকমিকাই থকা এক তৰাৰ জোনাক চুই চোৱাৰ হাবিয়াস
কেতিয়াবা ওচৰতে তিৰবিৰাই থকা ঢিমিক ঢামাক এক জোনাকী পৰুৱাৰ উল্লাস
এইয়াই চাগে ভালপোৱা
নতুনকৈ গজালি মেলিবলৈ লোৱা এক কুমলীয়া অচিন, অজানা পুলক
মৰীচিকা মৰীচিকা যেন লগা কিছু সময়ৰ লেহেমীয়া যাত্ৰা
এইয়াই চাগে ভালপোৱা
টগবগাই ঢপলিয়াই যোৱা যুজাঁৰু ঘোঁৰাৰ দুৰ্বাৰ গতি
হঠাতে লাজৰ ফুলৰ পাপৰি ছিটিকি পৰি চকুৰ মণিত যে বিৰিঙে লাজৰ আভা

____________
২২/০৪/২০১৩

Thursday, May 23, 2013

খন্তেকৰ বাট

অসমীয়া কথাকবিতা

শ্বায়েৰী


তাইৰ কোমল হাতৰ পৰা পিচলি কিমান যে ভাগিল বস্তু...
কি কৰিম?
মোৰ থুনুকা হৃদয়খনো তাই এদিন হাততে তুলি লৈছিল!